নীতি:ৱিকিমিডিয়া ফাউণ্ডেচন জলপানি ভ্ৰমণ নীতি
Appearance
This policy or procedure is maintained by the Wikimedia Foundation. Please note that in the event of any differences in meaning or interpretation between the original English version of this content and a translation, the original English version takes precedence. |
ৱিকিমিডিয়া ফাউণ্ডেচনে (“WMF”) বিশ্বাস কৰে যে ৱিকিমিডিয়া প্ৰকল্পসমূহ ধৰি ৰাখিবলৈ আৰু ইয়াৰ ভৱিষ্যতৰ বিকাশৰ বাবে সম্প্ৰদায়ৰ সদস্যসকলক সন্মিলিত কৰাটো অতি গুৰুত্বপূৰ্ণ। ৱিকিমিডিয়া আন্দোলনত সম্প্ৰদায়ৰ সদস্যসকলৰ উছৰ্গা আৰু অংশগ্ৰহণক স্বীকৃতি দিবলৈ ফাউণ্ডেচনে এই ধৰণৰ বহুতো অনুষ্ঠানৰ বাবে ভ্ৰমণ জলপানি প্ৰদান কৰে। ৱিকিমিডিয়া ফাউণ্ডেচনৰ হৈ ভ্ৰমণ কৰা জলপানি প্ৰাপকসকল যাতে তেওঁলোকে অংশগ্ৰহণ কৰা যিকোনো অনুষ্ঠানতে একেধৰণৰ সুযোগ-সুবিধা লাভ কৰে, তাক নিশ্চিত কৰিবলৈ এই নীতি প্ৰস্তুত কৰা হৈছে। অনুগ্ৰহ কৰি মন কৰিব যে কেৱল আৱেদন কৰাৰ সময়ত ১৮ বছৰ বা তাতকৈ অধিক বয়সৰ লোকসকলৰ বাবেহে এই জলপানি উপলব্ধ।
- ৱিকিমিডিয়া ফাউণ্ডেচনৰ ভ্ৰমণ জলপাণিত ভ্ৰমণকাৰীৰ নিজা বিমানকোঠ আৰু গন্তব্য চহৰৰ মাজত তেওঁলোকৰ অনুমোদিত অহা-যোৱাৰ তাৰিখত ইকনমি ক্লাছৰ বিমান টিকট অন্তৰ্ভুক্ত থাকে। ভ্ৰমণকাৰীৰ যাত্ৰাপথৰ ভ্ৰমণৰ তাৰিখ বা বিমানকোঠ সলনি কৰাৰ কোনো অনুৰোধ গ্ৰহণ কৰা নহ’ব, যদিহে তাৰ বাবে কোনো প্ৰমাণিত জৰুৰী প্ৰয়োজনীয়তা নাথাকে।
- ৱিকিমিডিয়া ফাউণ্ডেচনৰ হৈ ভ্ৰমণ কৰিবলৈ সন্মত হোৱাৰ জৰিয়তে, ভ্ৰমণকাৰীয়ে স্বীকাৰ কৰে যে সকলো ভ্ৰমণতে স্বাস্থ্য আৰু সুৰক্ষাজনিত অন্তৰ্নিহিত আশংকা থাকে, লগতে অপ্ৰত্যাশিত খৰচ বহন কৰিবলগীয়া হোৱাৰ সম্ভাৱনাও থাকে। জৰুৰীকালীন পৰিস্থিতিত, ৱিকিমিডিয়াৰ জৰুৰীকালীন ভ্ৰমণ সম্পদসমূহ—যিবোৰৰ ভিতৰত আমাৰ ট্ৰেভেল এজেন্সী আৰু চিকিৎসা সাহায্য প্ৰদানকাৰী অন্তৰ্ভুক্ত—যোগাযোগ কৰাৰ বাবে নিজৰ হাতত মাধ্যম থকাটো নিশ্চিত কৰাৰ দায়িত্ব ভ্ৰমণকাৰীৰ, যিহেতু এইবোৰ কেৱল টেলিফোনৰ জৰিয়তেহে উপলব্ধ।
- ভ্ৰমণকাৰীসকল নিজৰ গন্তব্য স্থান আৰু ট্ৰেনজিট (মাজপথৰ) দেশসমূহৰ সকলো প্ৰৱেশ/প্ৰস্থানৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ দায়বদ্ধ, যাৰ ভিতৰত যিকোনো আৱশ্যকীয় ভিছা, টিকাকৰণৰ প্ৰমাণপত্ৰ আৰু ইয়াৰ সৈতে জড়িত যাৱতীয় খৰচ অন্তৰ্ভুক্ত।
- ভ্ৰমণকাৰীসকলে স্থানীয় জনস্বাস্থ্য সম্পৰ্কীয় সকলো পৰামৰ্শ মানি চলা উচিত।
- ভ্ৰমণৰ পূৰ্বে: যদি কোনো ভ্ৰমণকাৰীয়ে অসুস্থ অনুভৱ কৰে বা ভ্ৰমণৰ সময়ত অসুস্থ হৈ পৰিব পৰা কোনো ৰোগৰ সংস্পৰ্শলৈ অহা বুলি আশংকাত ভোগে, তেন্তে তেওঁ ভ্ৰমণ কৰা উচিত নহয়।
- সন্মিলন স্থলীত থকাৰ সময়ত: যদি কোনো ভ্ৰমণকাৰীয়ে অসুস্থ অনুভৱ কৰে বা কোনো ৰোগৰ সংস্পৰ্শলৈ অহা বুলি আশংকাত ভোগে, তেন্তে তেওঁলোকে হোটেলৰ কোঠাৰ পৰাই অনলাইনযোগে যিকোনো বৈঠকত ভাগ ল’ব লাগে। যদি কোনো ভ্ৰমণকাৰী ঘৰলৈ উভতি যাব নোৱাৰাকৈ অত্যধিক অসুস্থ হৈ পৰে আৰু/বা স্থানীয় জনস্বাস্থ্যৰ পৰামৰ্শ অনুসৰি কোৱাৰেণ্টাইনত থকাৰ সিদ্ধান্ত লয়, তেন্তে তেওঁলোকৰ বিমান সলনি কৰা বা হোটেলৰ থকাৰ সময়সীমা বৃদ্ধি কৰাৰ সৈতে জড়িত যাৱতীয় খৰচ ৱিকিমিডিয়া ফাউণ্ডেচনে (WMF) বহন কৰিব।
- বাতিলকৰণসমূহ
- যদি এজন জলপানি প্ৰাপকে তেওঁলোকৰ যাত্ৰাৰ টিকট বুকিং কৰাৰ পূৰ্বে সংগঠকসকলক জনায় যে তেওঁলোকে অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিব, তেন্তে তেওঁলোক ভৱিষ্যতৰ জলপানিৰ বাবে যোগ্য হৈ থাকিব পাৰে।
- যদি কোনো এজন ভ্ৰমণকাৰীয়ে টিকট জাৰী কৰাৰ পিছত তেওঁলোকৰ যাত্ৰা বাতিল কৰিবলগীয়া হয়, তেন্তে তেওঁলোকে প্ৰস্থানৰ অন্ততঃ ৭২ ঘণ্টা পূৰ্বে 'ট্ৰেভেল এণ্ড কনভেনিঙ টিম' (Travel and Convening Team)-ৰ সৈতে যোগাযোগ কৰিব লাগে যাতে বিমানৰ টিকটসমূহ বাতিল কৰিব পৰা যায়। এই ক্ষেত্ৰত, জলপানি প্ৰাপকগৰাকীয়ে এবছৰৰ বাবে কোনো 'ডব্লিউ.এম.এফ.' (WMF) পুঁজিৰ দ্বাৰা পৰিচালিত অনুষ্ঠানলৈ (ৱিকিমানিয়া আৰু ৱিকিমিডিয়া সন্মিলনসহ) ভ্ৰমণ জলপানি পাবলৈ যোগ্য বিবেচিত নহ’ব। অৱশ্যে অসুস্থতা, ভিছা লাভ কৰাত অসমৰ্থ হোৱা আৰু পৰিয়ালৰ জৰুৰীকালীন অৱস্থাৰ দৰে অন্যান্য গুৰুতৰ পৰিস্থিতিৰ ক্ষেত্ৰত ৰেহাই দিয়া হ’ব।
- 'ট্ৰেভেল এণ্ড কনভেনিঙ টিম' (Travel and Convening Team)-ৰ সৈতে কোনো ধৰণৰ যোগাযোগ নকৰাকৈ অনুপস্থিত থাকিলে ("no shows"), ই জলপানি প্ৰাপকগৰাকীৰ ৱিকিমিডিয়া ফাউণ্ডেচনৰ পৰা ভৱিষ্যতে লাভ কৰিবলগীয়া ভ্ৰমণ জলপানিৰ যোগ্যতা চিৰদিনৰ বাবে প্ৰভাৱিত কৰিব পাৰে।
টোকা
নীতি উন্নীত কৰা হৈছে:
